ষড়ানন বৰা, চামগুৰিঃ সম্প্ৰতি ধাৰাবাহিক বিস্ফোৰণত কঁপিছে চামগুৰিৰ এটা অঞ্চল। নিজৰ ঘৰ-বাৰি এৰি কণ-কণ শিশু সহ অঞ্চলটোৰ সকলো ঢাপলি মেলিবলৈ বাধ্য হৈছে নিৰাপদ স্থানলৈ। এনে ধৰণৰ ঘটনা এতিয়া সঘনাই ঘটিবলৈ ধৰিছে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী ঢোল পাহাৰত।
শালনা আঞ্চলিক বন বিভাগৰ অধীনৰ ঢোল পাহাৰত চৰকাৰী অনুমতি লৈ নতুনকৈ শিল ভঙাৰ কাম আৰম্ভ কৰা জনৈক বনিক উপাধিৰ এজন লোকৰ এটা শিলৰ কোৱাৰিত বৃহৎ-বৃহৎ আকাৰৰ শিল ভাঙিবলৈ বেপৰোৱাহ ভাবে প্ৰায়ে কৰা অনিয়ন্ত্ৰিত বিস্ফোৰণৰ ফলত চুড়ান্ত ৰূপে ক্ষতিগ্ৰস্থ হৈছে নিকটবৰ্তি কঠাগুৰিৰ স্থানীয় ৰাইজৰ জনজীৱন।