54
চামগুৰিঃ নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনা। ৰূপহীহাটৰ গেৰুৱাটিত প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ চলাৰ সময়তে এনপিপি প্ৰাৰ্থীৰ কনভয়ৰ তিনিখন গাড়ীত আক্ৰমণ কৰে কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে৷
নেছ’নেল পিপুলছ পাৰ্টীৰ প্ৰাৰ্থী আব্দুল আজিজে নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত ৰকিবুলৰ গুণ্ডাবাহিনীয়ে কনভয়ৰ তিনিখন গাড়ীত আক্ৰমণ কৰি ক্ষতি সাধন কৰাৰ অভিযোগ উত্থাপন কৰিছে।