ষড়ানন বৰা,চামগুৰিঃ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ কঢ়ালী গাৱঁত ভাৰতীয় জনতা পাৰ্টিৰ ৰূপহীহাট সমষ্টিৰ উদ্যোগত দেওবাৰে দুপৰীয়া অনুষ্ঠিত হয় বিজেপিৰ এখন দলীয় সংগঠন পৰ্ব আৰু সদস্যতা অভিযান সভা। এই অভিযান অংশ গ্ৰহন কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াকে আদি কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিজেপিৰ সংখ্যালঘূ নেতা মোক্তাৰ হুছেইন খানসহ দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই।
কিন্তু প্ৰায় পাচ সহস্ৰাধিক কৰ্মী-সমৰ্থকে ভৰি থকা সভাখনত অতি আশ্চৰ্যজনকভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ভাষণ আৰম্ভ কৰাৰ আগে আগে প্ৰায় খালি হৈ পৰে একাধিক আসন। বিজেপিৰ সদস্যতা অভিযান সভা আধাতে এৰি সভাস্থলিৰপৰা ৰাওনা হয় প্ৰায় আধা সংখ্যক সভাখনত সমবেত হোৱা দলীয় কৰ্মী-সমৰ্থক। অৱশ্যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই প্ৰদান কৰা ভাষণৰ অন্তত সভাখনত শেহতীয়াকৈ ভাষণ আৰম্ভ কৰে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে।
ভাষণৰ অন্তত সভা ভংগ কৰাৰ পৰৱৰ্তী সময়ত সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে ন'-পুৰণি বিজেপিৰ সন্দৰ্ভত কৰা মন্তব্য আলমলৈ কয় যে সেইয়া প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ একান্ত ব্যক্তিগত মতামত হ’ব পাৰে, দলৰ মতামত নহয়। ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ দল হোৱাৰ হেতুকে সাধাৰণ সদস্য ভৰ্তি পৰ্ব এক সৰ্বত্ৰ ব্যাপী অভিযান, গতিকে দলে নতুন সদস্যক আদৰি লোৱাটো এটা স্বাভাবিক প্ৰক্ৰিয়া।
আনহাতে, বিধায়ক শিলাদিত্যই ন' বিজেপিয়ে কৰা চিণ্ডিকেট প্ৰসংগ উল্লেখ কৰি কয় যে যদি প্ৰকৃততে তেনেকুৱা হৈছে তেন্তে তেওঁ তথ্য সহকাৰে মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক অৱগত কৰাৰ প্ৰয়োজন। ইফালে, মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিলৈ আগমনৰ সম্ভাৱনীয়তাৰ প্ৰসংগ উল্লেখ কৰি দেশ আৰু দলৰ কাৰণে কাম কৰিম বুলি ভাবি যদি বিজেপিত আহে তেন্ত তেওঁক আমি আদৰি লম কিন্তু পূৰ্বচৰ্ত লৈ অহা মানুহক দলে কেতিয়াও আদৰি নলয়।
ইয়াৰোপৰি বিগত বিধানসভা নিৰ্বাচনত সভাপতি ৰঞ্জিত দাসৰ লক্ষ্য ৰূপহীহাট সমষ্টিক বাদ দি ৯০ খন আসন আছিল যদিও আজিৰ পৰা আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে নতুন লক্ষ্য হৈ পৰিল ৯১ খন আসন। সভাপতি গৰাকীয়ে ৯১ খন আসন দখল কৰিব বুলি কোৱাৰ লগতে ৰূপহীহাট সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে। উল্লেখ্য যে, উক্ত সভাতেই কৃষক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফ. দলৰ কেইবাগৰাকীও প্ৰভাৱশালী নেতা-কৰ্মীসহ প্ৰায় শতাধিক লোকে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত চামগুৰিৰ সমষ্টিটো ভব্য আয়োজনৰে এখন সংগঠন পৰ্ব ও সদস্যতা অভিযান সভা শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ কলিয়াবৰ জিলা বিজেপিৰ নেতৃত্বক আহ্বান জনাই ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।