চামগুৰিঃ সম্প্ৰতি তুমুল চৰ্চাত থকা গুৱাহাটীৰ লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ বিতৰ্কৰ ওৰ নপৰোতেই পুনৰ একেখন মঞ্চক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিলে অসমৰ ঢোলৰ সম্ৰাটখ্যাত ওজা সোমনাথ বৰাই। 

অসমৰ সবাতোকৈ পুৰণি বিহু সন্মিলনী বুলি লতাশিলে গৌৰৱবোধ কৰিলেও তাতেই ঘটে ঘটনাটো, তাতেই ফিক্সিংটো ঘটে, ই অতিশয় দুৰ্ভাগ্যজনক বুলি কৈ পুনৰ লতাশিলক বিতৰ্কৰ মাজলৈ টানি আনিলে প্ৰৱীণ ঢোলৰ ওজাগৰাকীয়ে।

শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰ পুৰণিগুদামত অনুষ্ঠিত পাৰঘাট ৰঙালী বিহু উদযাপন অনুষ্ঠানৰ মঞ্চতেই নিজৰ অতুলনীয় ঢোল বাদনৰে সমবেত পাঁচ সহস্ৰাধিক দৰ্শক সন্মোহিত কৰিবলৈ সক্ষম হোৱা ওজা সোমনাথ বৰাই লতাশিল বিহু সন্মিলনীৰ সন্দৰ্ভত কৰে এনে বহুবোৰ বিস্ফোৰক মন্তব্য। 

সোমনাথ বৰাৰ মতে লতাশিল বিহুৰ এই বিতৰ্ক ২০০০ চনৰপৰাই চলি আহিছে। কাৰণ লতাশিলত বিষয়ববীয়াই বিষয়ববীয়া, যাৰ বাবে কৰবাত কেনা লগাৰ সন্দেহ ঢোলৰ ওজাগৰাকীৰ। লতাশিলত জনা-বুজা মানুহক বিচাৰকত নবহুৱাই বুলি কৈ অমৰেন্দ্ৰ গগৈ, মিণ্টু গোহাঁই আৰু মায়া দত্ত কোন, কি ক'ত কিয় বিখ্যাত বুলি প্ৰশ্ন কৰে সোমনাথ ওজাই। 

লগতে নীলম দোলাকাষৰীয়াই যোজনাতে ভুল কৰাৰ পাছতো কেনেকৈ সন্মান পালে তাক লৈও আশ্চৰ্য প্ৰকাশ কৰে প্ৰৱীণ শিল্পীগৰাকীয়ে। 

উল্লেখযোগ্য যে, ২০১৬ চনতো নগাঁৱৰ পুৰণিগুদামত অনুষ্ঠিত এটি মুকলি বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি লতাশিল বিহু সন্মিলনীৰ বিৰুদ্ধে ফিক্সিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল জনৈক কাশ্যপ উপাধিৰ এগৰাকী যশস্বী অভিনেত্ৰী তথা বিহুৱতীয়ে। 

অৱশ্যে এইয়া এক অনিচ্ছাকৃত ভুল বুজাবুজি বুলি মন্তব্য কৰি শেষত নিজৰ স্থিতিৰপৰা ফালৰি কটা দেখা যায় অভিনেত্ৰীগৰাকীক। ইফালে অসমীয়াৰ অতি চেনেহৰ ঢোলটোৰে বিশ্ব জয় কৰা ওজা সোমনাথ বৰাই ঐতিহাসিক লতাশিল বিহু সন্মিলনীৰ এই বছৰৰ বিহু সম্ৰাজ্ঞীৰ ওপৰত সম্প্ৰতি চলি থকা বিতৰ্কৰ সন্দৰ্ভত কৰা তীব্ৰ সমালোচনাক লতাশিল বিহু কমিটীখনে কিদৰে প্ৰত্যুত্তৰ দিয়ে ই নিশ্চয়কৈ অতি লক্ষণীয় হ’ব।