ষড়ানন বৰা, চামগুৰিঃ নগাঁও প্ৰশাসন আৰু টেম্পু চালকৰ সংঘাতে বাৰুকৈয়ে জলাকলা খোৱাইছে একাংশ সৰ্বসাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীক। নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। 

নগাঁও জিলাৰ উৰিয়াগাঁও, পুৰণিগুদাম, চামগুৰি আদি ঠাইৰ টেম্পু চালকে সোমাবাৰৰপৰা আৰম্ভ কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ বাবে অঞ্চলটোত হঠাৎ টেম্পু সমূহৰ চলাচল ব্যাহত হৈ পৰাৰ ফলতেই সৃষ্টি হয় এই পৰিস্থিতিৰ। 

উল্লেখ্য যে, নগাঁও প্ৰশাসনে চহৰ খনৰপৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে চহৰৰ ভিতৰেদি উপপথৰে টেম্পু সমূহ উভতি যাবলৈ দিয়া নিৰ্দ্দেশৰ ফলত অসুবিধাৰ সৃষ্টি হৈছে টেম্পুৰে যাতায়ত কৰা যাত্ৰীসকলৰ, সমান্তৰালভাৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজতো। ইফালে নগাঁও প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত চূড়ান্তভাৱে অসন্তুষ্ট হৈ পৰিছে এতিয়া টেম্পু চালক সকল। 

আনহাতে, নগাঁৱৰ পুৰণিগুদামৰ কেঞাপট্টীত পুৱাৰে পৰা অৱস্থান ধৰ্মঘট কৰা একাধিক টেম্পু সহ চালক সকলে নগাঁও প্ৰশাসনে টেম্পু চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাসমূহ পুনৰ বিবেচনাৰ বাবে প্ৰশাসনক আহ্বান জনায় অন্যথা পৰৱৰ্তী সময়ত প্ৰশাসনৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে ক্ষোভিত টেম্পু চালকসকলে।