চামগুৰিঃ শনিবাৰে নিশা নগাঁও-কাৰ্বিআংলং সীমান্তৰ্ৱতী পানীমূৰাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তিনি দুৰ্ধষ ডকাইতক মঙ্গলবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্মই দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ এটা বিশেষ দলে ৰঙামাটিৰপৰা গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা ক্ৰমে ৰঙামাটিৰ কছাৰীবস্তিৰ ধৃত সাগৰ লোহাৰ, বিশ্বজিত তাঁতী আৰু বিকি গড়। আনহাতে, আৰক্ষীয়ে ডকাইতৰ দলটোৰপৰা তিনিটা হস্তনিৰ্মিত বন্দুক সহ লুট কৰা সা-সামগ্ৰী আৰু আংশিক ধনো জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, শনিবাৰে নিশা ডকাইতৰ দলটোৱে পানীমুৰাত ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছতেই চামগুৰি আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই ডকাইতৰ দলাটোৱে যুৱৰাজ ৱে'ৰ ঘৰৰপৰা লুটি অনা এল্ট গাড়ীখন এৰি পলায়ন কৰে। তাৰ পাছৰ পৰাই চামগুৰি আৰক্ষীয়ে বৃহত্তৰ নগাঁও-কাৰ্বিআংলং সীমান্তৰ্ৱতী অঞ্চলত তীব্ৰ অভিযান চলাই অৱশেষত ধৃত ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কিন্তু এই পৰ্য্যন্ত এটাও ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই চামগুৰিৰ কঠালগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত আন এক চাঞ্চ্যলকৰ ডকাইতী কাণ্ডৰ সৈতে জড়িত ডকাইত কেইটাৰ।