চামগুৰি: চামগুৰিৰ নিকটৱৰ্তী তথা নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী ঢোলপাহাৰ দাঁতিত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হোৱা মৃত বন্যহস্তীটোৰ ফাদিল হ’ল মৃত্যুৰ ৰহস্য। বন্যহস্তীটোৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত এজন লোকক ইতিমধ্যেই কৰায়ত্ব কৰিবলৈ সক্ষম হয় নগাঁৱৰপৰা আহি ঘটনাস্থলি পৰিদৰ্শন কৰা বন বিভাগৰ উচ্চ পদস্থ বিষয়াই।
ধৃত লোকজন উদমাৰি ঢোলপাহাৰৰ স্থানীয় বয়সীয়াল কৃষক দুলাল ঘাটোৱাল। লোকজনে নিজৰ খেতি ডৰাত নিশা বন্যহস্ত আহি উপদ্ৰৱ চলাব পাৰে বুলি আশংকা কৰি অবৈধভাৱে খেতি ডৰাৰ কাষত এলুমিনিয়ামৰ তাঁৰত সংযোগ কৰি থৈছিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ। ইফালে, বন্যহস্তীটোৰ মৃত্যু পিছতেই ঘটনাস্থলিৰপৰা ততাতৈয়াকৈ পুৱাই কৃষক জনে আঁতৰাই নিছিল তাঁৰখিনি।