চামগুৰিঃ নিৰ্বাচনৰ সময়ত কংগ্ৰেছী-বিজেপিৰ খণ্ডযুদ্ধই প্ৰায়েই সংবাদ শিৰোনাম দখল কৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেনৰ গৃহসমষ্টি চামগুৰিৰ লাওঁখোৱাৰ ভূৰবন্ধা পঞ্চায়তত পুনৰ বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ তুমুল সংঘৰ্ষ হোৱাৰ ফলত আহত হয় তিনি জনকৈ লোক। জয়যুক্ত পঞ্চায়ত প্ৰতিনিধিৰ সম্বৰ্দ্ধনা অনুষ্ঠানলৈ বিজেপিৰ জয়যুক্ত সদস্যক আমন্ত্ৰণ নজনোৱাক কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় সংঘাতৰ। সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় বিজেপি কৰ্মী জয় কুমাৰ মণ্ডল, য়াচীন আলী, সুদামা চাহক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।