চামগুৰিঃ মহা-শিৱৰাত্ৰি পাৰহৈ যোৱা আজি তৃতীয়টো দিন। কিন্তু আজিও ভক্তৰ ভিৰ কমা নাই চামগুৰিৰ ন’নৈ চাহ বাগিচাৰ সমীপৰ পাহাৰৰ ওপৰত থকা এটা বিশেষ মন্দিৰত। বাগিচাখনৰপৰা প্ৰায় আঢ়ৈশ ফুট উচ্চতাত পাহাৰৰ ওপৰত স্থিতি মন্দিৰ ভাগৰ নাম হৈছে গুহা মন্দিৰ অথবা গুফা মন্দিৰ বুলিও সকলোতে খ্যাত। 

লোককথা মতে বহু বছৰৰ পূৰ্বে এজন গৰখীয়াই প্ৰথমবাৰ পাহাৰৰ ওপৰত অসংখ্য বৃহৎকায় শিলৰ মাজত এটি গুহা আৰু গুহাৰ ভিতৰত এটি শিৱলিংগ প্ৰত্যক্ষ কৰিছিল। সেই দিন ধৰি প্ৰতি সোমবাৰে আৰু মহা শিৱৰাত্ৰিৰপৰা প্ৰায় তিনি-চাৰি দিনলৈকে শিৱ-বাবাক পূজা-অৰ্চনা কৰিবলৈ হাতে-হাতে ধূপ-দীপ ফলমূল আৰ্ঘ্য লৈ ভক্ত তথা দৰ্শনাৰ্থীৰ আগমন ঘটি আহিছে এই মন্দিৰ ভাগলৈ। 

প্ৰবাদ আছে যে গুহাৰ ভিতৰত প্ৰতিস্থিত এই জাগ্ৰত শিৱলিংগক পূজা-অৰ্চনা কৰিলে মনৰ সৎ-অভিষ্ট পূৰণ হয় ভক্তসকলৰ। সেই বাবেই এইবছৰো কোনো ব্যতিক্ৰম দেখা পোৱা নগ’ল এই গুফা মন্দিৰত, তৃতীয় দিনাও ভক্তপ্ৰাণ ৰাইজৰ দীঘলীয়া শাৰী এই গুফা মন্দিৰত।

উদ্যোক্তাসকলৰ মতে ন’নৈ চাহ বাগিচাৰপৰা পাহৰা চূড়ালৈ লাহে-লাহে যাতায়ত সুগম হৈ অহাৰপৰাই শিৱৰাত্ৰিৰ পাছৰ কেইটা দিনত প্ৰতি বছৰে ভক্তৰ আগমন বাঢ়ি আহিছে। সম্প্ৰতি সৰ্বত্ৰে বিশেষভাৱে চৰ্চিত হৈছে চামগুৰিৰ এই মন্দিৰ ভাগৰ।