চামগুৰিঃ  ট্ৰাইবেল সংঘ আৰু নেতৃত্ব বহন কৰা আদিত্য খাকলাৰীৰ প্ৰতিমুৰ্তি দাহ কৰি শনিবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হয়৷ জাতি ধ্বংসী বিল গৃহীত নকৰিবলৈ অসমীয়াৰ বুকুত একুৰা জুই লৈ প্ৰতিবাদ কৰিবলৈ ওলাই অহা প্ৰতিবাদকাৰীৰ পিছত চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ ঘোষণা কৰাৰ পিছতেই জনজাতিকৰণক লৈ এক তীব্ৰ আন্দোলন গঢ়ি উঠিছে৷

চৰকাৰে ঘোষণা কৰা জনজাতিকৰণৰ বিৰুদ্ধে শুকুৰবাৰে আহ্বান জনোৱা বন্ধক লৈ ক্ষোভ হৈ পৰিছে প্ৰতিবাদকাৰী৷ আনহাতে, জনজাতিকৰণৰ লৈ আপোচ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সংঘ তথা নেতৃত্ব দিয়া আদিত্য খাকলাৰীয়ে জানিবলৈ দিয়ে৷