চামগুৰিঃ চামগুৰিৰ এখন বিদ্যালয়ত নিশা চলিলে লেট-নাইট পাৰ্টি। কিন্তু দুভাগ নিশা এই পাৰ্টিত উপস্থিত নাছিল বিদ্যালয়খনৰ কোনো এজন শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিদ্যালয় পৰিচালনা কমিটিৰ কোনো বিষয়ববীয়া। এই বিশেষ নৈশ পাৰ্টিৰ বিষয়ে কোনো ভু-কে নাপালে বিদ্যালয়খনৰ নিকটৱৰ্ত্তী কোনো এঘৰ লোকেও।
প্ৰকৃততে এই পাৰ্টি কৰিলে দুভাগ নিশা বিদ্যালয়তখনত অনাধিকাৰ প্ৰৱেশ কৰা এটা চোৰৰ দলে। খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত আমনি তিনিআলি মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত নিশা চোৰৰ এটা দলে প্ৰায় আটাইকেইতা কোঠাৰে দৰ্জা ভাঙি প্ৰবেশ কৰি চলালে লুটপাট। লুটি নিলে কেইবা হাজাৰ টকীয়া প্ৰজেক্টৰ মেচিন, মাইক-চেট, পানী-মটৰকে ধৰি বহু কেইপদ যাবতীয় সা-সামগ্ৰী।