নগাঁওঃ ‘সমাজ জীৱন সমৃদ্ধিশালী কৰিবলৈ ত্যাগ আৰু সমন্বয়েৰে আগবাঢ়িব লাগিব৷ এনেদৰে আগবাঢ়ি যোৱাৰ বাবে শক্তিশালী মাধ্যম হৈছে শিক্ষা৷ গতিকে শিক্ষা ব্যৱস্থাটো ইয়াৰ বাবে গতিশীল কৰি তুলিব লাগিব৷ এইক্ষেত্ৰত প্ৰধানকৈ প্ৰাথমিক শিক্ষাক অধিক গুৰুত্ব দিব লাগিব ৷কাৰণ শিক্ষাৰ মূল ভেটি হৈছে প্ৰাথমিক শিক্ষা ৷ভেটি শক্তিশালী হ’লেহে ঘৰটো শক্তিশালী হয় ৷ শিক্ষাৰ ভেটিটো শক্তিশালী কৰিবলৈ ইয়াৰ পৰিবেশ সৰ্বাংগসুন্দৰভাবে গঢ়ি তোলাটো অতি দৰকাৰী ৷ এইক্ষেত্ৰত অসমৰ বিদ্যালয়সমূহত প্ৰাক-প্ৰাথমিক স্তৰ খুলিবই লাগিব৷ ‘এই মন্তব্য আছুৰ উপদেষ্টা ড০ সমজ্জুল কুমাৰ ভট্টাচাৰ্যৰ৷
নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজিৰ মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ড০ ভট্টাচাৰ্যই পাঠ্যপুথি,পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাটোৰ পৰিৱৰ্তন আৰু সংস্কাৰৰ অত্যন্ত প্ৰয়োজন বুলি বুলি দোহাৰি পাঠ্যক্ৰম আৰু পাঠ্যপুথি শিপাৰ লগত সম্পৰ্ক থকাটো গুৰুত্বপূৰ্ণ বুলি অভিমত ব্যক্ত কৰাৰ লগতে বৰ্তমান সময়ত যুক্তাক্ষৰ নজনাকৈ বহু ছাত্ৰ-ছাত্ৰী নৱম শ্ৰেণী পোৱাটো সৰ্বশিক্ষাৰ এইটো কি শিক্ষা বুলি প্ৰশ্ন উত্থাপন কৰে ৷প্ৰসংগক্ৰমে মধ্যাহ্ন ভোজন প্ৰয়োজন বুলি অভিমত ব্যক্ত কৰি আছুৰ উপদেষ্টাগৰাকীয়ে ইয়াৰ ফলত শিক্ষানুষ্ঠানবোৰত অশৈক্ষিক পৰিৱেশৰ সৃষ্টি হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে৷