নলবাৰীঃ ‘‘অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সঠিক ভাবে আগবঢ়াটো নিবিচাৰে হিন্দু-মুছলমানক বিভাজন কৰি ভোট বেংক সৃষ্টি কৰা সাম্প্ৰদায়িক ৰাজনৈতিক নেতাসকলে। বৰ্তমানে উচ্চতম ন্যায়ালয়ৰ ভিত্তিত হে ৰাজ্যত এন আৰ চিৰ কাম সঠিক আৰু ত্বৰান্বিত ভাবে আগবাঢ়িছে।’’ -এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷
মঙলবাৰে নিশা নলবাৰী আছুৰ শ্বহীদ ভৱনত আছুৰ মূখ্য উপদেষ্টা ভট্টাচাৰ্যই সাংবাদিকৰে কৰা মত বিনিময়ত এনেদৰে মন্তব্য কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু পৰ্যবেক্ষণ কামনা কৰে নেতা গৰাকীয়ে।