newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে আছু আৰু ২৮ জনগোষ্ঠীৰ সংগঠনৰ উদ্যোগত মহানগৰীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হয় গণ সত্যাগ্ৰহ অনুষ্ঠান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰি তীব্ৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন চৰকাৰক৷

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় ‘‘অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে অসমৰ ৰাইজ শংকিত হ’ব নালাগে৷ অসমৰ ৰাইজ আজি শংকিত হৈছে৷ সেয়েহে অসমৰ চহৰে-নগৰে গাঁৱে-ভূঞে ৰাইজ ৰাজপথলৈ ওলাই আহিছে৷ ৰাইজ শংকিত হৈছে বাবেহে ৰাজপথলৈ ওলাই আহিছে৷ আমিও আজি শংকিত হৈছোঁ৷ সেয়েহে লতাশিলত একত্ৰিত হৈ আমি কৈছোঁ আমি শংকিত৷ লোকপিয়লৰ প্ৰতিবেদনত কৈছে অসমৰ সংস্কৃতি, ভাষাৰ প্ৰতি ভাবুকি আহিছে৷ আমি সেই কথা অসম আন্দোলনৰ পৰা কৈ আহিছোঁ৷ পৰিচয়, অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে৷ আজি লোকপিয়লে এই কথাকে কৈছে৷ 

আমি অসম চৰকাৰক কৈছোঁ আমি আজি শংকিত ৰাইজ, আজি শংকিত৷ সেয়েহে আমি আজি লতাশিল খেলপথাৰলৈ ওলাই আহিছোঁ৷ লোকপিয়লৰ প্ৰতিবেদনে প্ৰমাণ কৰিছে হয়, আমি শংকিত হয়, তাত যুক্তি আছে৷ অসম চৰকাৰে এই বিলৰ বিৰোধিতা কৰিব লাগে আৰু দিল্লী চৰকাৰক বিল বাতিল কৰিবৰ বাবে বাধ্য কৰিব লাগা৷ যোৱা কেইবামাহ ধৰি অসমত প্ৰতিবাদ কৰি আছে৷ এই বিষয়টো শেষ কৰিব লাগি৷ বাতিল কৰি দিব লাগে৷ ৰাইজৰ ধৈৰ্য পৰীক্ষা কৰিব নালাগে৷ গোটেই অসমত মাহৰ পিছত মাহ ৰাইজে ৰাজপথলৈ ওলাই আহিছে৷ ইমান গৰমত আজিও লতাশিললৈ ৰাইজ ওলাই আহিছে৷ 

ৰাইজৰ ধৈৰ্য পৰীক্ষা কৰিব নালাগে৷ দিল্লী দিছপুৰক কৈছোঁ৷ আমাৰ ধৈৰ্য পৰীক্ষা নকৰিব৷ অসমৰ ৰাইজৰ ধৈৰ্য পৰীক্ষা কৰিলে বৃহৎ পৰিনামৰ সন্মুখীন হ’ব লাগিব চৰকাৰ৷ ধৈৰ্য পৰীক্ষা নকৰিব৷ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিম বুলি কৈছে৷ যেতিয়া অসমৰ ৰাস্তা-ঘাটে লাখে-লাখে লোক ওলাই আহিছে তেতিয়া চৰকাৰে দমন মূলক নীতি অৱলম্বন কৰিছে৷ চৰকাৰে কৈছে ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব নোৱাৰিব৷ অসমত আন্দোলনৰ এক সুকীয়া সত্বা আছে৷ ৬০, ৭৪, অসম আন্দোলন আদিৰ ইতিহাস আছে৷ আজি আমি লতাশিল খেলপথাৰৰ পৰা কৈছো লৰা-ছোৱালীয়ে পঢ়া থিকেই ৰাখিব লাগিব৷

শিক্ষা ভালে ৰাখি, শিক্ষাগ্ৰহণ আৰু আন্দোলন সমানে সমানে আগবাঢ়ি যাম৷ অসম চৰকাৰক কব খুজিছোঁ আপোনালোকে দমন নচলাব৷ দমন নচলাব৷ আমি কংগ্ৰেছ চৰকাৰৰ দিনত বহুত দমন দেখিছোঁ৷ বহু দমনৰ সন্মুখীন হৈছোঁ৷ আন্দোলনৰ পৰা ছাত্ৰ-ছাত্ৰীক আঁতৰাই ৰখাৰ কু অভিপ্ৰায় আপোনালোকে বন্ধ কৰক৷ এয়া নচলিব ইয়াত৷ ইয়াত দমন নচলে৷ কংগ্ৰেছৰ চৰকাৰৰ দিনত দমন চলা নাছিল৷ নিটিকিল, পৰি গ’ল৷ আপোনালোকেও দমন মূলক নীতি অৱলম্বন কৰিলে নিটিকিব আপোনালোকেও ওফৰি যাব৷ বহুতে কৈছে আৰু কিমান দিনলৈ চলিব আন্দোলন৷ আমি কৈছোঁ যেতিয়ালৈকে এই আইন বাতিল নহয় তেতিয়ালৈকে এই সংগ্ৰাম নেৰিব৷ 

চৰকাৰে অসম চুক্তি ৰক্ষা কৰক৷ জনজাতি বেল্ট-ব্লক সুৰক্ষিত কৰক৷ আমি আছু আৰু সকলো সংগঠন একত্ৰিত হৈছোঁ আৰু যিমান বোৰ সংগঠন আছে আমি সকলোৱে একেলগে আগবাঢ়ি যাম৷ এয়া ৰাইজৰ আন্দোলন, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰীক আন্দোলন৷ যোৱা নিৰ্বাচনত এজিপি-বিজিপি যিসকলে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি কৈছিল তেওলোকে কথা দিছিল কথা ৰাখিব লাগে৷ দ্বিতীয় শৰাইঘাটৰ ৰণৰ কথা কৈছিল৷ দ্বিতীয় শৰাইঘাটৰ ৰণ মানে বাংলাদেশী খেদাৰ কথা কৈছিল৷ আপোনালোকে কথা মতে কাম কৰি দেখুৱাব লাগে৷ দিছপুৰত এই কথা ফলিয়াই দেখুৱাব লাগে৷ 

এইটো আমাৰ ৰাজহুৱা প্ৰত্যাহ্বান৷ আপোনোলাকে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী, জনপ্ৰতিনিধি হ’ল৷ মানুহৰ ঘৰে ঘৰে গৈছিল৷ চোতালে চোতালে গৈছিল৷ কিন্তু আপোনালোকে পৰা নাই৷ সেই কাৰণে ৰাইজ আজি ওলাই আহিছে৷ যদি আপোনালােকে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে তেন্তে আপোনালোকে যেনেদৰে অসমীয়াৰ ঘৰে ঘৰে গৈছিল তেনেদৰে আপোনোলোকৰ ঘৰে ঘৰে চোতাল চোতালে অসমীয়া যাবলৈ বাধ্য হ’ব৷ মানুহ ৰাজপথত থাকোতেই আপোনোলোকে এই বিল বাতিল কৰক৷ অন্যথাই আপোনালোকৰ চোতাল পাব মানুহ৷ এই আন্দোলন চলি থাকিব৷ এই খন আমাৰ অসম৷ এই খন অবৈধ বাংলাদেশীৰ নহয়৷ এইখন বাংলাদেশীৰ ডাষ্টবিন নহয়৷ এইখন আমাৰ অসম আমাৰ অসম হৈ থাকিব লাগিব৷''

আনহাতে এটি ৰাষ্ট্ৰীয় নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমীয়া কেতিয়া অসমত দ্বিতীয় শ্ৰেণীৰ নাগিৰক হৈ জীয়াই নাথাকে৷