newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে আছু আৰু ২৮ জনগোষ্ঠীৰ সংগঠনৰ উদ্যোগত মহানগৰীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হয় গণ সত্যাগ্ৰহ অনুষ্ঠান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰি তীব্ৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন চৰকাৰক৷
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় ‘‘অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে অসমৰ ৰাইজ শংকিত হ’ব নালাগে৷ অসমৰ ৰাইজ আজি শংকিত হৈছে৷ সেয়েহে অসমৰ চহৰে-নগৰে গাঁৱে-ভূঞে ৰাইজ ৰাজপথলৈ ওলাই আহিছে৷ ৰাইজ শংকিত হৈছে বাবেহে ৰাজপথলৈ ওলাই আহিছে৷ আমিও আজি শংকিত হৈছোঁ৷ সেয়েহে লতাশিলত একত্ৰিত হৈ আমি কৈছোঁ আমি শংকিত৷ লোকপিয়লৰ প্ৰতিবেদনত কৈছে অসমৰ সংস্কৃতি, ভাষাৰ প্ৰতি ভাবুকি আহিছে৷ আমি সেই কথা অসম আন্দোলনৰ পৰা কৈ আহিছোঁ৷ পৰিচয়, অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে৷ আজি লোকপিয়লে এই কথাকে কৈছে৷