63
শিমলুগুৰিঃ সততে বিভিন্ন সমস্যাক লৈ মাত মাতি অহা সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ এখন সভা দেওবাৰে শিমলুগুৰি অসম জাতীয় বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়।
শিমলুগুৰি আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি অভিজিৎ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক উৎপল কোঁৱৰ আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিবাকৰ বৰা, নাবাব কেৰিম বৰবৰা, ৰফিউল হুছেইন উপস্থিত থাকে৷