মাৰ্ঘেৰিটাঃ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মানুহে আকাশ চুব পাৰে৷ লক্ষ্যত উপনীত হ’বলৈ কেৱল প্ৰয়োজন প্ৰচুৰ অধ্যৱসায়ৰ৷ সকলো বাধাৰ সীমা নেওচি আঁজুৰি আনিব পাৰে বিজয়ৰ মুকুট৷ দৰিদ্ৰ. খাটিখোৱা, সৰ্বহাৰাৰ সন্তানেও জিলিক উঠিব পাৰে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত৷ তাৰেই এক প্ৰতিভূ হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ সঞ্জয় কুৰ্মী৷

লেখাপানীৰ কাম্বা গাঁৱৰ নিবাসী বিশ্বনাথ কুৰ্মীৰ কণিষ্ঠ পুত্ৰ সঞ্জয় কুৰ্মীয়ে আজুৰি আনিছে। দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়ালত জন্ম গ্ৰহণ কৰা সঞ্জয় কুৰ্মীয়ে সফলতাৰ বাবে কৰি গৈছিল অহৰহ জীৱন সংগ্ৰাম৷ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা সঞ্জয়ে প্ৰতিটো সময়তে কাৰুণ্যতাক প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাব বিচৰা মনত পুহি ৰাখিছিল এক ৰঙীন সপোন৷

আৰ্থিক দিশত একেবাৰে শোচনীয় সঞ্জয়ে উৰুখা পঁজাত বাস কৰিও সপোনক বাস্তৱত পৰিণত কৰিবৰ বাবে কৰি যোৱা কঠোৰ প্ৰচেষ্টাই আজি সঞ্জয়ৰ মুখলৈ আনিছে এমোকোৰা হাঁহি৷ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙাই সঞ্জয় কুৰ্মীয়ে কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় মাৰাথান দৌৰ প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

সঞ্জয় কুৰ্মীৰ এই সাফল্যত মুখৰ হৈ পৰিছে লেখাপানী অঞ্চলবাসী৷ অঞ্চলবাসীয়ে সঞ্জয়ে অনাগত দিনত যাতে আন্তঃৰাষ্ট্ৰীয় মাৰাথনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰে তাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে৷