শিৱসাগৰঃ অসম সত্ৰ মহাসভা শিৱসাগৰ জিলা সমিতি, পানবেচা অাঞ্চলিক সমিতিৰ উদ্যোগত অাৰু শ্ৰীশ্ৰী বাসুদেৱ থান টকৌবাৰী সত্ৰ অাৰু কলাকৃষ্টি কেন্দ্ৰ ল’ৰাপোতা, চেনিমৰাৰ মহিলা সমিতিৰ বিশেষ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী বাসুদেৱ থান টকৌবাৰী সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৬৯সংখ্যক জন্মজয়ন্তী উলহমালহেৰে পালন কৰা হয়।
প্ৰথমদিনা কাৰ্য্যসূচী অনুসৰি পুৱা ঊষা কীৰ্ত্তন অাৰু বন্তি প্ৰজ্বলনৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ পানবেচা অাঞ্চলিকৰ সভাপতি পৰেশ শৰ্মা অাৰু শিৱসাগৰ জিলাৰ সমিতি উপ সভাপতি চন্দ্ৰ বুঢ়াগোঁহাইয়ে৷ ইয়াৰ পাছতেই অনুষ্ঠিত হয় শিৱসাগৰ জিলা ভিত্তিত মহিলা দিহা নাম প্ৰতিযোগিতা।