ধিংঃ অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ, অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৬৯ সংখ্যক অাৱিৰ্ভাৱ তিথি৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ অসমৰ ৰাইজে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক অাৱিৰ্ভাৱ তিথি পালন কৰা পৰিলক্ষিত হৈছে৷ সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ আছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ।
শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা আছিল। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিৰ ডোলেৰে বান্ধিছিল শংকৰদেৱে৷ শনিবাৰে জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ আবিৰ্ভাৱ তিথি পালনৰ বাবে ৰাইজ ওলাই আহে নামঘৰলৈ। ৰাজ্যজুৰি উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ নামঘৰ।