Home ৰাজ্যবোকাজানত শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱৰ অায়োজন

বোকাজানত শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱৰ অায়োজন

by News Desk
112 views
A+A-
Reset

কাৰ্বি আংলংঃ নৱ-বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা, ধৰ্ম প্ৰচাৰক, কবি, সমাজ সংস্কাৰক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ তথা সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে যি অৱদান দি থৈ গ’ল সেইয়া অতুলনীয়৷ মহাপুৰুষজনাই সাংস্কৃতিক প্ৰমূল্য বোধেৰে একশৰণ নাম ধৰ্মৰ প্ৰচাৰেৰে অসমৰ সমাজ জীৱনক এক কৰি ঐক্য-সংহতি ৰক্ষা কৰিছিল৷

১৪৪৯ চনত জন্মগ্ৰহণ কৰা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানত আঞ্চলিক ভিত্তিত বোকাজান বিলাতী মাটি নিগমৰ আৱাসিক নামঘৰত অহা ১৩ আৰু ১৪ আহিন (ইং ৩০ ছেপ্তেম্বৰ অাৰু ০১অক্টোবৰ)ত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰা হ’ব৷ বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত গুৰুজনাৰ ৫৬৯ তম জন্মজয়ন্তী উদযাপনৰ অায়োজন কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0