Home ৰাজ্যতিনিচুকীয়াত জগতগুৰুৰ ৫৬৯ সংখ্যক আবিৰ্ভাৱ তিথি পালন

তিনিচুকীয়াত জগতগুৰুৰ ৫৬৯ সংখ্যক আবিৰ্ভাৱ তিথি পালন

by News Desk
75 views
A+A-
Reset

তিনিচুকীয়াঃ সমগ্ৰ দেশজুৰি ব্যাপক উচাহ উদ্দীপনাৰ মাজেৰে শাৰদীয় ঋতুৰ অন্যতম আকৰ্ষণ দুৰ্গাপুজা বিদায়ৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি পালিত হৈছে অসমীয়াৰ প্ৰাণৰো প্ৰাণ তথা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক আবিৰ্ভাৱ তিথি৷ সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্ততো গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ৰথ যাত্ৰা উলিয়াই৷

পুৱাৰে পৰা জিলাখনৰ সকলো সত্ৰ, নামঘৰ সমূহত ভকত আইসকলৰ সহযোগত দিনজোৰা নাম প্ৰসংগৰে মুখৰিত হৈ থকাৰ লগতে ঠাই ভেদে নিশালৈ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা মঞ্চস্থ হ’ব বুলি বাতৰি আহিছে ৷ জিলাখনৰ কাকপথাৰ, শদিয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ৰুপাই, পানীতোলা, ডাঙৰীত ভক্তপ্ৰাণ ৰাইজে গুৰজনাৰ অনুপম সৃষ্ট বৰগীত, দিহানাম প্ৰতিযোগিতা আয়োজন কৰাৰ উপৰিও ভৱিষ্যত প্ৰজন্মক শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি অৱগত কৰাৰ উদ্দেশ্যৰে ওজাপালি নৃত্য আৰু সত্ৰীয়া নৃত্যৰ  প্ৰদৰ্শনৰ দিহা কৰা হৈছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0