বটদ্ৰৱা/ধিংঃ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতিৰ গুৰি ধৰিছিল গুৰুজনাই। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বৃহত্তৰ অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু ঐক্য-সংহতিৰ ডোলেৰে বান্ধি ৰাখিছিল শংকৰদেৱে।
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৪৮ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হয়৷ উলহ-মালহেৰে ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰে ভক্তসকলে৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয় তিৰোভাৱ তিথি।