জাজৰিঃ সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ আছিল শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতি নিৰ্মাতা আছিল। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিৰ ডোলেৰে বান্ধিছিল শংকৰদেৱে।
আজি জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাব তিথি। ৰাজ্যজুৰি উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ নামঘৰ। ভক্তি ৰসেৰে পালন কৰা গৈছে তিৰোভাব তিথি। ভাদ্ৰ মাহৰ শুক্লা দ্বিতীয়া দিনটোত উজনি-নামণিত ভক্তি ৰসত বিভোৰ হৈ পৰা দেখা গৈছে মানুহক।