newsnextone.com | নলবাৰীঃ স্বচ্ছতাৰ শ্ল’গান গাই চৰকাৰে গ্ৰাম উন্নয়নৰ কথা কলেও প্ৰকৃতপক্ষত কিমান স্বচ্ছতাৰ খেয়াল ৰখা হৈছে গ্ৰামাঞ্চলত সেয়া এক চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷ বিভিন্ন আঁচনি প্ৰস্তুত কৰি চৰকাৰে গাঁৱৰ উন্নয়ন সাধন কৰিবলৈ লোৱা সংকল্প প্ৰকৃততে এক ভেকো ভাওনাহে হৈ পৰা বুলি বিভিন্নজন অভিযোগ উত্থাপন কৰি আহিছে৷
সমগ্ৰ দেশটো বাদেই অসমৰ বিভিন্ন পিছপৰা অঞ্চলত চৰকাৰী প্ৰতিশ্ৰুতি এতিয়া এখন পৰিকল্পিত নাটকলৈ ৰূপান্তৰিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ বিশুদ্ধ খোৱা পানীৰ পৰা বাট-পথৰ উন্নয়নলৈ, স্বাস্থ্যৰ পৰা শিক্ষালৈ চৰকাৰে প্ৰদান কৰা আশ্বাসে ঢুকি নপোৱা গাঁও ৰাজ্যখনত বহু আছে৷ যাৰ ফলত প্ৰতিদিনে নিজৰ সমস্যা সমূহ উত্থাপন কৰি ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷