newsnextone.com | নলবাৰীঃ স্বচ্ছতাৰ শ্ল’গান গাই চৰকাৰে গ্ৰাম উন্নয়নৰ কথা কলেও প্ৰকৃতপক্ষত কিমান স্বচ্ছতাৰ খেয়াল ৰখা হৈছে গ্ৰামাঞ্চলত সেয়া এক চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷ বিভিন্ন আঁচনি প্ৰস্তুত কৰি চৰকাৰে গাঁৱৰ উন্নয়ন সাধন কৰিবলৈ লোৱা সংকল্প প্ৰকৃততে  এক ভেকো ভাওনাহে হৈ পৰা বুলি বিভিন্নজন অভিযোগ উত্থাপন কৰি আহিছে৷

সমগ্ৰ দেশটো বাদেই অসমৰ বিভিন্ন পিছপৰা অঞ্চলত চৰকাৰী প্ৰতিশ্ৰুতি এতিয়া এখন পৰিকল্পিত নাটকলৈ ৰূপান্তৰিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ বিশুদ্ধ খোৱা পানীৰ পৰা বাট-পথৰ উন্নয়নলৈ, স্বাস্থ্যৰ পৰা শিক্ষালৈ চৰকাৰে প্ৰদান কৰা আশ্বাসে ঢুকি নপোৱা গাঁও ৰাজ্যখনত বহু আছে৷ যাৰ ফলত প্ৰতিদিনে নিজৰ সমস্যা সমূহ উত্থাপন কৰি ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷

চৰকাৰে প্ৰৱৰ্তন কৰা এক আঁচনি আছিল অনাময় আঁচনি৷ এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো পৰিয়ালক পকী শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ সংকল্প লৈছিল চৰকাৰে৷ কিন্তু বিভিন্ন প্ৰান্তৰ গ্ৰাম্য এলেকাত আজিও বহু গাঁওবাসীয়ে মুকলিকৈ শৌচ কৰিবলৈ বাধ্য হৈছে৷ কাৰণ হৈছে নিজ সামৰ্থৰে এটা পকী শৌচালয় নিৰ্মাণৰ সামৰ্থ নাই৷ 

আনহাতে চৰকাৰে শৌচালয় নিৰ্মাণৰ কাৰণে পঞ্চায়তসমূহক আবন্টন কৰা ধন এচাম মধ্যভোগীয়ে নিজৰ জেপত ভৰাই দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি অহা বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে৷

চৰকাৰৰ অনাময় অনাময় আঁচনিয়ে ঢুকি নপোৱা এখন জিলা সহৈছে নলবাৰীও৷ নলবাৰীৰ বহু গাঁওৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে আজিও এচা চৰকাৰী শৌচালয়ৰ পৰা বঞ্চিত হৈ বাহ-টিনেৰে নিৰ্মিত মাটিৰ শৌচালয়ত নিত্যকৰ্ম কৰিবলৈ বাধ্য হৈছ৷ যাৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলত এক অসুস্থ বাতাবৰণে বিৰাজ কৰিছে৷

ইফালে নলবাৰী জিলা প্ৰশাসনে নলবাৰী জিলাক উপৰে উপৰে নিৰীক্ষণ কৰি মলি মুক্ত হিচাপে ঘোষণা কৰিছে৷ কিন্তু নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ পকোৱা অঞ্চলত এতিয়াও বিয়পি আছে অস্বাস্থ্যকৰ পৰিৱেশ৷ অঞ্চলৰ অন্তৰ্গত কেইবাখনো গাঁওত আজিও চৰকাৰী অনাময় আচনিৰ অধীনত শৌচালয় নিৰ্মাণ হোৱা নাই বুলি জানিব পৰা গৈছে৷

চৰকাৰ, পঞ্চায়ত আদিৰ গুৰুত্ব হীনতাৰ বাবে অৱশেষত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক শৌচালয় নিৰ্মাণ কৰি দি প্ৰকৃত মলি মুক্ত নলবাৰী গঢ়িবলৈ উঠিপৰি লাগিছে জিলাখনৰ এটা স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান ‘সংস্কৃতি’য়ে৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে ৫ টা দৰিদ্ৰ পৰিয়ালক নিজ খৰছেৰে শৌচালয় নিৰ্মাণ কৰি দিয়াৰ পৰিকল্পনা হাতত লৈ কাম কৰি গৈছে৷

দেওবাৰে সংস্কৃতি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ২৫ হাজাৰ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি দিয়া শৌচালয়ৰ শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানটো শুভ উদ্বোধন কৰে পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে।

স্বেচ্ছাসেৱী সংগঠনটোৰ উপদেষ্টা ধীৰেশ্বৰ শৰ্মা, সভাপতি প্ৰনৱ কুমাৰ দত্ত, কাৰ্য্যকাৰী সভাপতি অঞ্জন দত্ত, সম্পাদক হিৰেন্দ্ৰ দত্ত, কোষাধক্ষ ৰত্নেশ্বৰ দত্ত, স্থানীয় যুৱক বিপুল সাউদ, অনুপম পদ চৌধুৰী, ৰঞ্জন দত্ত প্ৰমুখ্যে ভালে সংখ্যক লোক উপস্থিত থাকে। 

ইফালে চৰকাৰৰ গুৰুত্বহীনতাৰ পিছত দৰিদ্ৰ পৰিয়ালসকলক সাহায্য আগবঢ়াই স্বেচ্ছাসেৱী অনুষ্ঠান সাংস্কৃতিয়ে লোৱা পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰে।