65
নগাঁওঃ নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ খলিহামাৰী শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰাল খেলপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নগাঁও জিলা যোগী সন্মিলনীৰ ৪৪ তম দ্বি-বাৰ্ষিক অধিবেশন৷
আদিনাথ আঞ্চলিক যোগী সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে অভ্যৰ্থনা সমিতিৰ সভাপতি ভদ্ৰকান্ত নাথ আৰু সম্পাদক পুষ্পেন্দ্ৰ নাথে৷