ডিজিটেল ডেস্কঃ প্ৰাচীন সংস্কৃত ভাষাক জনপ্ৰিয় কৰৰ উদ্দেশ্যে শণিবাৰে গুজৰাট বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে স্প’কেন সংস্কৃত পাঠক্ৰম৷ দেৱভাষা সংস্কৃতৰ জৰিয়তে ভাৱৰ আদান-প্ৰদান কৰিবৰ বাবে কঠিত সংস্কৃত ভাষাৰ প্ৰশিক্ষণ দিব বিশ্ববিদ্যালয় খনে৷
দেশৰ প্ৰথম খন বিশ্ববিদ্যালয় গুজৰাট বিশ্ববিদ্যালয়ে দেৱভাষা সংস্কৃত ভাষাৰ প্ৰশিক্ষণ দিব৷ উল্লেখ্য যে, গুজৰাট বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ‘চেণ্টাৰ ফৰ স্প’কেন সংস্কৃত’ শীৰ্ষক প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন কৰে, য’ত কথিত সংস্কৃত ভাষাৰ বাবে বিশ্ববিদ্যালয়ত অন্তৰ্ভূক্তি কৰা ছয়মহীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হ’ব৷