গুৱাহাটীঃ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ শৰনীয়া কছাৰীৰ লোকসকল আজিও বঞ্চিত, অৱহেলিত৷ কেৱল আৰ্থিক, সামাজিক, ৰাজনৈতিক ফালৰ পৰা পিছ পৰি থকাই নহয়, পৰিচয়ৰ সংকটত পৰিছে ৰাজ্যৰ ভূমিপুত্ৰ শৰনীয়া-কছাৰী জনগোষ্ঠীৰ লোকসকল৷ ৰাজ্য খনৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, লখিমপুৰ, ধেমাজি, কামৰূপ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিচৰিত হৈ থকা শৰনীয়া কছাৰী লোকসকল বছৰ বছৰ ধৰি নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিব লগা হৈছে৷
শৰনীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলক নেতৃত্ব দি অহা শৰনীয়া কছাৰী ছাত্ৰ সন্থা, শৰনীয়া কছাৰী সন্মিলন, গনতান্ত্ৰিক নাৰী মঞ্চ, শৰনীয়া কছাৰী সন্মিলিত দাবী সমিতি আদি সংগঠনে আজি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শৰণীয়া কছাৰী সকলক ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা হৈছিল যদিও আজিও জনজাতিৰ প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ আহিছে লোকসকল৷