মোৰাঝাৰঃ দক্ষিণ নগাঁওৰ অন্যতম অসমীয়া ভাষা সাহিত্যৰ ধ্বজা বহন কৰি হোজাই সাহিত্য সভাই শনিবাৰে সন্ধিয়া ‘শৰতৰ এসন্ধ্যা’ নামৰ এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰে। হোজাই সহিত্য সভাৰ সভাপতি হেম বৰুৱাৰ সঞ্চলনাত অনুষ্ঠিত এই অনুষ্ঠানত সভাৰ সম্পাদক বিনোদ বিহাৰী সিংহই উদ্দেশ্য ব্যাখ্যা কৰে।
হোজাইৰ প্ৰতিষ্ঠিত সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক, সাংবাদিক তথা শিক্ষাবিদ ড০ সাৰদানন্দ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভ কৰে। সাহিত্যৰথী বেজবৰুৱাৰ জন্ম তিথি উপলক্ষ্যে এই অনুষ্ঠানৰ উপস্থিত সকলোৱে প্ৰাৰম্ভতে বেজবৰুৱাৰ প্ৰতিকৃতিত পুষ্পঞ্জলি অৰ্পণ কৰে।