সৰভোগঃ আৰক্ষী আধুনিকীকৰণৰ অভিলাষী আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰস্থিত ব্ৰিটিছ শাসনৰ স্মৃতি বিজড়িত সৰভোগ আৰক্ষী থানাক। থানাখনৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই ৰাজ্যৰ গৃহ বিভাগে ৰপায়ণ কৰি থকা আৰক্ষীক আধুনিকীকৰণ আঁচনিখন ধোঁৱাচাঙত তুলিছে।
ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যায় কৰি আৰক্ষীক আধুনিকীকৰণ কৰা বুলি বিভিন্ন সময়ত প্ৰচাৰ চলাই অহা গৃহ বিভাগে ব্ৰিটিছৰ দিনতে নিৰ্মিত অসমৰ অতি পুৰণি থানাখনৰ আৰক্ষীৰ আৱাসগৃহসমূহৰ অৱস্থা তথৈবচ হৈ পৰিছে। আৰক্ষী থানাখনৰ ভিতৰত থকা প্ৰায় ১৬ টাতকৈ অধিক আৱসগৃহৰ বেৰ আৰু টিনপাতসমূহ জহি-খহি গৈছে।