newsnextone.com | সৰুপথাৰঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে সোমবাৰে পুৱাৰে অসম বন্ধৰ আহ্বান জনাইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰে ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে।

অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাতোঁ পৰা পৰিলক্ষিত হয়। বন্ধৰ সমৰ্থনকাৰীয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল কৰা বন্ধ থকা দেখা যায়।

গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ লগতে ধনশিৰি মহকুমাৰ সৰুপথাৰ, বৰপথাৰ আৰু উৰিয়ামঘাট আদি অঞ্চলত সৰ্বাত্মক ভাৱে বন্ধ পালন কৰা পৰিলক্ষিত হয় ৷ সৰুপথাৰ আৰু বৰপথাৰ নগৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আটাছু আৰু আটছাৰ নেতা-কৰ্মীসকলে ৷  ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰা পৰ্যন্ত ভৱিষ্যতেও তেওঁলোকে আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। পথত বন্ধৰ সমৰ্থকসকলে টায়াৰ জ্বলাই নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি গ' বেক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকল শীঘ্ৰে চৰকাৰে জনজাতিকৰণ নকৰিলে ইয়াতকৈ অধিক ভয়াৱহ পৰিস্থিতি সৃষ্টি হ'ব বুলি হুংকাৰ দিয়ে ।

উল্লেখ্য যে, যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷