সৰ্থেবাৰীঃ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ১২ নং পূৱ সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ দখলত থকা পঞ্চায়তখনত উক্ত আঁচনিৰ হিতাধিকাৰীৰ তালিকাত প্ৰকৃত কৃষকৰ পৰিৱৰ্তে কৃষি কাৰ্যৰ সৈতে জড়িত নথকা বিজেপি কৰ্মী, ব্যৱসায়ী আনকি ছাত্ৰ-ছাত্ৰীৰ নামো অন্তৰ্ভুক্ত হোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

স্থানীয় লোকসকলে অভিযোগ কৰা মতে, পঞ্চায়তৰ সভাপতি ৰাতুল বৰ্মনৰ ঘনিষ্ঠ হোৱা বাবেই পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী হোৱা সত্বেও উপান্ত কৃষকৰ বাবে ৰূপায়ণ কৰা আঁচনিখনৰ সুবিধা লাভ কৰিছে বিজেপিৰ IT Cellৰ সদস্য দীপজ্যোতি লহকৰ আৰু তেওঁৰ মাতৃয়ে। পঞ্চায়তৰ সভাপতি ৰাতুন বৰ্মনৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন লোকসকলে। 

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ চৰকাৰী ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ইতিমধ্যে পঞ্চায়তৰ সভাপতি ৰাতুল বৰ্মনৰ পত্নীৰ বেংক একাউণ্টত জমা হৈছে ৫ টাকৈ কিস্তিৰ ধন। বিজেপি দল আৰু পঞ্চায়তৰ সভাপতিৰ লগত ঘনিষ্ঠ হোৱা বাবেই একেটা পৰিয়ালৰ কেইবাজনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱাৰো অভিযোগ উত্থাপিত হৈছে।

পঞ্চায়তৰ অন্তৰ্গত ক্ষুদ্ৰ আমৃখোৱা, ন-কুচি আৰু চিনাদি আদিৰ দৰে ১০০ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোকৰ বসতিপ্ৰধান গাঁৱৰ তালিকাত নাম একাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈয়ো সমগ্ৰ অঞ্চলটোৰ সচেতন মহলৰ চকু কপালত উঠিছে। প্ৰায়েই হিন্দুত্বৰ কথা কোৱা বিজেপি দলৰ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে হিন্দু বসতিপ্ৰধান গাঁৱত কৃষকৰ ধন আত্মসাৎ কৰাৰ বাবে ভুৱা মুছলমানৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা কাৰ্য প্ৰত্যক্ষ কৰি এতিয়া হতভম্ব হৈ পৰিছে সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তবাসী ৰাইজ।

'আমাৰ পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰৰ লগতে বেছিভাগ মেম্বাৰেই বিজেপিৰ। তেওঁলোকে প্ৰায়েই হিন্দুত্বৰ কথাই কৈ থাকে। কিন্তু যেতিয়া ধনৰ কথা আহি পৰে তেতিয়াই তেওঁলোকে ভুৱা মুছলমানৰ নামো অন্তৰ্ভুক্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে। এয়াই হৈছে তেওঁলোকৰ প্ৰকৃত স্বৰূপ।’-দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ চকুৰ সমুখতে এনে কাৰ্য সংঘটিত হোৱাতো উদ্বেগজনক বুলি মন্তব্য কৰি এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক এজন স্থানীয় লোকে।

উল্লেযোগ্য যে পঞ্চায়তখনৰ সভাপতি ৰাতুল বৰ্মন আৰু কাউন্সিলাৰ দুয়োজনেই হৈছে বিজেপিৰ সদস্য। তেওঁলোক দুজনৰ উপৰিও মুঠ ১০টা ৱাৰ্ড থকা পঞ্চায়তখনৰ ৮ জন সদস্যই হৈছে বিজেপি দলৰ। এনেদৰে এতিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতিৰ কথা কৈ অহা বিজেপি দলৰ সদস্যসকলেই দুৰ্নীতিৰ সৈতে লিপ্ত হৈ কৃষকৰ নামত অহা ধনৰ শৰাধ পতা কাৰ্যই সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ লগতে সমগ্ৰ বৰপেটা জিলাখনতে লাভ কৰিছে ব্যাপক চৰ্চা।