newsnextoneমঙ্গলদৈ ১০অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিৰুপ মন্তব্য কৰা বাবা ৰামদেৱৰ শিষ্য যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবীত এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে ছিপাঝাৰৰ দুনী আঞ্চলিক ছাত্ৰসন্থা আৰু মঙলদৈ মহকুমা ছাত্ৰ সন্থাই ।।
সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহনেৰে খটৰা মন্দিৰ প্ৰাংগনৰ পৰা দিপীলালৈ শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তেঁওলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিক্ষোভৰ অন্তত পাথৰিঘাট ৰাজহচক্ৰৰ চক্ৰবিষয়াৰ হাতত এখন স্মাৰক প্ৰত্ৰও প্ৰদান কৰে প্ৰতিবাদী দলটোৱে৷