কোকৰাঝাৰঃ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো বৃহত্তৰ অসমীয়া সমাজ তথা বিভিন্ন জাতি-জনগোষ্ঠীয়ে গুৰুজনাৰ আদৰ্শৰে মিলাপ্ৰীতৰে থাকি শক্তিশালী সমাজ নিৰ্মাণ কৰিব লাগিব৷ একেলগে থাকি অসমক আগুৱাই নিব লাগিব। অসমৰ সম্পদ, সম্ভাৱনাক উচিত ক্ষেত্ৰত ব্যৱহাৰ কৰি ৰাজ্যৰ প্ৰতিজন নিবনুৱাক মৰ্যদাসহকাৰে কৰ্মসংস্থাপন দিব লাগিব।
এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত শুকুৰবাৰৰ পৰা পৰা অনুষ্ঠিত হোৱা অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সত্ৰাধিকাৰ সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰে৷