ধেমাজিঃ ধেমাজি বালিকা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰে৷ বালিকা মহাবিদ্যালয় খনৰ প্ৰায় ৭টা পদবীত বিনা প্ৰতিযোগিতাৰে প্ৰাৰ্থীয়ে জয়ী হৈছিল৷
মাথো তিনিটা পদবীতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ ভাৰ চলাই থকা বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন এবিভিপি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলাই নিজ নিজ সংগঠনৰ প্ৰৰ্থীক বিজয়ী কৰিবলৈ৷