নগাঁওঃ নগাওঁ জিলাৰ হাতীচোং মৌজাৰ মাজ-জাজৰি শ্ৰী শ্ৰী আহতগুৰি নুমলি সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীৰ বৃহস্পতিবাৰে নিশা প্ৰায় এক বজাত মাজগাঁৱৰ নিজা বাসভৱনত দেহাৱসান ঘটে। বিয়োগৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স হৈছিল ৮৪ বছৰ৷
সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক গোস্বামী বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তদুপৰি তেওঁ অসমৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য আছিল ৷ বৃহত্তৰ জাজৰি অঞ্চলত সত্ৰীয়া কলা-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা যোগাই অহা গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে পুত্ৰ-কন্যা, বোৱাৰী,নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ যায় ৷
তেওঁৰ মৃত্যুত শ্ৰী শ্ৰী আহতগুৰি নুমলি সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱ চন্দ্ৰ গোস্বামী আৰু সম্পাদক জগন্নাথ গোস্বামীকে প্ৰমুখ্য কৰি বহু শুভাকাংক্ষী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ৷