নগাঁওঃ ৰাজ্য খনৰ ভিতৰতে সংস্কৃতিৰ দিশত আগবঢ়া জিলা নগাঁও জিলাত লোক নৃত্য, গীত, সংস্কৃতি, পৰম্পৰা ধৰি ৰখাৰ অহৰহ প্ৰয়াস কৰি থকা দেখা যায়৷ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি লোক নৃত্য, গীত সমূহ যৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ বাবে একাংশ সাংস্কৃতিক অনুষ্ঠানে চেষ্টা অব্যাহত ৰাখিছে৷
তাৰ মাজতে, গুৰুজনাৰ অপূৰ্ব সৃষ্টৰাজিৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ প্ৰয়াসেৰে নগাঁৱৰ মনিকাঞ্চন কলাকেন্দ্ৰই যোৱা ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত কৰিছে সত্ৰীয়া নৃত্য আৰু সংগীতৰ কৰ্মশালা৷ নগাঁও চহৰৰ হয়বৰগাঁও হাইস্কুল প্ৰাংগণত অনুষ্ঠিত কৰা কৰ্মশালাত বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷