তুলসীবাৰীঃ ”ব্ৰহ্মপুত্ৰ উপত্যকাৰ মৃৎ শিল্প আৰু নৌকাশিল্পৰ অনন্য স্বকীয় বৈশিষ্ট আছে আৰু ইয়ে অসমীয়া শিল্প-সংস্কৃতিৰ ভৰালো চহকী কৰি ৰাখিছে৷ এনে শিল্পসমূহ ৰক্ষাৰ বাবে চৰকাৰে কোনোধৰণৰ কৃপনালী নকৰি সমাধানৰ পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়৷” শেহতীয়া প্ৰলয়ংকাৰী বানৰ কৰাঁল গ্ৰাসত ধ্বংসৰ গৰাহত পৰা মৃৎ শিল্প আৰু নৌকাশিল্পৰ বৰ্তমানৰ অৱস্থাটো মাজুলীৰ শালমৰাত প্ৰত্যক্ষ কৰি এই মন্তব্য আগবঢ়াইছে কলিতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মূখ্য উপদেষ্টা বিজু সেনাপতিয়ে৷
বানত বিধ্বস্ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধন-জনৰ লগতে উপত্যকাটোৰ স্বকীয় বৈশিষ্ট্য বহন কৰা মৃৎ শিল্প আৰু নৌকা শিল্পলৈয়ো অন্ধকাৰ নামি আহিছে৷ এই সন্ধিক্ষনত শিল্পৰ ক্ষেত্ৰখনত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে সময়োচিত পদক্ষেপ গ্ৰহণ নকৰিলে শিল্পকেইটা জীয়াই থকাটোৱেই ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব৷