আজাৰাঃ সমাজখনত আমাৰ মাতৃ, ভগ্নী সুৰক্ষিত নহয়৷ মুঠৰ ওপৰত নাৰী এতিয়া ক’তো সুৰক্ষিত নহয়৷ ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত সময় পাৰ কৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷

যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক হত্যাকাণ্ড সংঘটিত হৈ গৈছে অসমত৷ এনে ঘটনা সমূহে আমাৰ সমাজ খনক কঁপাই থৈ গৈছে। যি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে৷শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাই পুনৰ সমগ্ৰ অসমীয়াক লজ্জানত কৰিছে।

মাতৃ, ভগ্নীসকলক সুৰক্ষা দিব নোৱাৰাত খোদ লজ্জানত হৈছে অসমীয়া সমাজ৷ স্কুলত সুৰক্ষিত নহয় মানৱ সম্পদ গঢ়াৰ মহিলা খনিকৰসকল৷ মহিলাক সুৰক্ষা, সন্মান দিবলৈ নিশিকা একাংশ লোকে পশু ৰূপ ধাৰণ কৰি কিশোৰী, মহিলাক যৌন নিৰ্যাতন-ধৰ্ষণ তথা হত্যা কৰি আহিছে৷

 

⇒চৰকাৰে স্কুটি নহয় হেলিকপ্টাৰ দিলেও আমাৰ বাই-ভনী সুৰক্ষিত নহয়

⇒শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বালিসত্ৰ শাখাই ৰাজ্যখনত সংঘটিত হৈ অহা ধৰ্ষণ, নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷ সোমবাৰে এনে ঘটনাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে এনে ঘটনাৰ বিৰুদ্ধে অসম চৰকাৰক কঠোৰ পদক্ষেপ লবলৈ দাবী জনায়৷ কেৱল ইমানে নহয় কঠোৰতম আইন প্ৰণয়ন কৰি ধৰ্ষণকাৰী সকলক ফাঁচী কাঠত ওলমাব লাগে বুলি কয়।

সভাপতি জয়ন্ত মাধৱ দাসে স্কুটী-চাইকেলৰ সলনি যদি হেলিকপ্টাৰ বিতৰণ কৰিলেও আমাৰ আই-মাতৃসকল সুৰক্ষিত নহয় বুলি কৈ নীচ মানসিকতাৰ লোকসকলক ফাঁচী কাঠত ওলমাব পৰাকৈ আইন এখন প্ৰণয়ন কৰাৰ পোষকতা কৰে৷ বিদ্যাৰ্থী পৰিষদৰ এই কাৰ্যসুচীৰ বাবে বৃহত্তৰ বালিসত্ৰবাসী ৰাইজে প্ৰশংসা কৰে। হাতে হাতে প্লে-কাৰ্ড লৈ নাৰী সুৰক্ষিত হ’লেহে সমাজ সুৰক্ষিত হ’ব, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক, নাৰী সবলীকৰণ কৰক আদি শ্ল’গান প্ৰদান কৰে৷

⇒হাইলাকান্দিৰ জনজাতীয় কিশোৰীক ধৰ্ষণ, হত্যা

⇒যোৱা ১৪ মাৰ্চত বৰাক উপত্যকাক কঁপাই থৈ গ’ল এক পাশৱিক হত্যাকাণ্ড আৰু ধৰ্ষণৰ ঘটনাই৷ হাইলাকান্দি জিলাৰ বেতছড়া গাঁৱৰ ৰিয়াং জনগোষ্ঠীৰ এগৰাকী কণমানি কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত ডিঙি কাটি হত্যা কৰে৷ জসিমুদ্দিন বৰভূঞা নামৰ অপৰাধীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ এই ঘটনাই প্ৰমাণ কৰে অসমত মহিলা কোনো ঠাইত সুৰক্ষিত নহয়৷ 

⇒ৰাজ্য কঁপোৱা কামপুৰ ধৰ্ষণ কাণ্ড

⇒ৰাজ্য কঁপোৱা কামপুৰ ধৰ্ষণ কাণ্ডই চিন্তিত কৰি তুলিছে ৰাইজক৷ নিশা ৰেলৰ পৰা নমাই স্বামীৰ সন্মুখতে এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল কামপুৰত৷ ইমানে নহয় স্বামীক মাৰপিট কৰাৰ লগতে ২০ হাজাৰ কৈ টকা কাঢ়ি নিয়ে দলটোৱে। 

মহিলাগৰাকী স্বামীৰ সৈতে জাগিৰোডৰ পৰা হোজাইৰ নিজ গৃহলৈ ৰে'ল যোগে আহি আছিল৷ প্ৰথমে ৰে'লৰ ভিতৰত চিনাকী তাৰ পিছত বন্ধুত্বৰ সম্পৰ্ক গঢ়ে এগৰাকী যুৱকে৷ মহিলাগৰাকী স্বামীৰ সৈতে নিশা ৰে'ল যোগে জাগিৰোডৰ পৰা হোজাইৰ গৃহলৈ আহি আছিল৷ তাৰ পাছতেই ৰে'লত চিনাকী হয় কামপুৰ কাকতি গাৱঁৰ এজন যুৱকৰ সৈত৷ 

যুৱকজনে বিভিন্ন প্ৰলোভনৰে দম্পতী হালক যুৱক জনৰ ঘৰত নিশা কটাবলৈ জোৰ কৰি ৰে'লৰ পৰা নমাই নিয়ে৷ কিছু দূৰ যোৱাৰ পিছত কেইজনমান যুৱকক ফোনযোগে কপিলী নৈৰ পাৰৰ নিৰ্জন ঠাইলৈ মাতি আনে৷ 

স্বামীক মাৰপিট কৰি মহিলাগৰাকীক ৮গৰাকী লোকে ধৰ্ষণ কৰে৷ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায়৷ স্থানীয় ৰাইজৰ সহযোগত দম্পতী হাল উপস্থিত হৈছিল কামপুৰ আৰক্ষী থানাত৷ ৭গৰাকী অভিযুক্ত মৰজত আলী, ইক্ৰামূল হক, ফইজুল হক, নাজিৰুল হক, মজিদুল হক, মোন্তাজ আলী, হবিবুৰ ৰহমান আৰু চুলতান আলীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ 

⇒শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ড

⇒হোজাই জিলাৰ যমুনামুখত ২০১৭ চনৰ মে’ মাহত সংঘটিত হৈছিল এটি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা। এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয় ছুটী দি ঘৰলৈ আহি থকা অৱস্থাত আদ বাটতে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰে আৰু মৃতদেহ কপিলী নৈত উটুৱাই দিছিল। যি কথাই সমগ্ৰ অসমীয়াক লজ্জানত কৰিছিল। এই ঘটনাই হোজাই জিলাৰ যমুনামুখ অঞ্চলত আজিও চাঞ্চল্যৰ সৃষ্টি কৰে৷

যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাঁও ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ডক অসমৰ ৰাইজে আজিও পাহৰিব পৰা নাই৷ ৰাইজ ৰাজপথলৈ ওলাই আহিছিল৷ নাৰীক, আমাৰ মাতৃসকল, ভগ্নীসকলক সুৰক্ষা দিবলৈ দাবী জনাইছিল৷

ৰাজ পথলৈ ওলাই আহিছিল মাতৃ সমাজ৷ তেতিয়া ভবা হৈছিল সুৰক্ষিত হ’ব আমাৰ ৰাজ্যৰ নাৰী৷ চৰকাৰে নিশ্চয় সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব আৰু সমাজৰ দুষ্ট বুদ্ধিৰ লোকসকলৰ মনবোৰ শুধৰণি হ’ব৷ কিন্তু সলনি নহ’ল চৰকাৰ আৰু সলনি নহ’ল সমাজৰ এক প্ৰকাৰৰ লোক৷

⇒টেট শিক্ষয়িত্রী উজ্জয়িনী দেৱনাথৰ হত্যাকাণ্ড

হোজাই জিলাৰ ধনীৰাম পথাৰৰ নিজ গৃহৰ পৰা ওলাই আহি যোৱা ২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল এগৰাকী ২৪ বছৰীয়া টেট শিক্ষয়িত্রী৷ উজ্জয়িনী দেৱনাথ নামৰ শিক্ষয়িত্রীগৰাকীয়ে ২০১৭ চনৰ ২ ডিচেম্বৰৰ দিনৰ প্ৰায় ১০ বজাত নিজ ঘৰৰ পৰা স্কুলৰ পৰীক্ষাৰ কাকত অনাৰ কথা ওলাই আহে। তেও নিশালৈকে ঘৰলৈ উভতি নহাত চিন্তিত হয় পৰিয়ালৰ লোক৷ নিশা পাৰ হ’ল পুৱা হ’ল লাহে লাহে এদিন দুদিন কৈ ২৭ দিন পাৰ হৈ গৈছিল নিৰুদ্দেশ হোৱাৰ৷ 

টেট শিক্ষয়ত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰ ওচৰ চাপিছিল৷ বাৰে বাৰে তাতঁবাটি কাঢ়িছিল আৰক্ষী থানাত৷ কিন্তু নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰিয়েই আৰক্ষী দায়িত্ব সামৰে৷ তাৰ পিছতে লাভ পৰিয়ালটোৱে লাভ কৰিলে হৃদয়বিদাৰক খবৰটো৷

প্ৰায় আজি ২৭ দিনৰ মূৰকত শিক্ষয়িত্ৰীগৰাকীৰ অৰ্ধ গলিত মৃতদেহ হোজাই আনন্দ মাৰ্গ বিদ্যালয় ৰান্ধনি ঘৰত গাতৰ পৰা উদ্ধাৰ কৰে স্থানীয় আৰক্ষীয়ে। শিক্ষয়িত্ৰীগৰাকীৰ হত্যাকাণ্ডৰ সৈতে হোজাই জিলাৰ কলেজ ৰোডস্থিত আনন্দমাৰ্গৰ প্ৰধান সন্যাসী উদীপ্ত নন্দৰ নাম সাঙুৰ খাইছিল।

►►► newsnextone.com-এ আমাৰ সমাজক কঁপাই থৈ যোৱা কেইটামান নাৰকীয় ঘটনাৰ কথা সমাজৰ সন্মুখত দাঙি ধৰিছো৷ এনে ঘটনাই আমাক বাৰে বাৰে সকীয়াই আহিছে যদিও আমাৰ চৰকাৰ, সুধী সমাজে উচিত পদক্ষেপ লোৱা যেন অনুভৱ নহয়৷ এনে ঘটনাবোৰ ৰোধ কৰাৰ বাবে সমাজৰ প্ৰতিগৰাকী লোক সজাগ হ’ব লাগিব৷

ব্যৱসায়ী, চাকৰীয়াল, ছাত্ৰ সহ সকলো পুৰুষ সমাজ সজাগ হলেহে আমাৰ মাতৃ-ভগ্নীয়ে সুৰক্ষিত অনুভৱ কৰিব৷ সততে বিভিন্ন বিষয়ত ধৰ্ণা প্ৰতিবাদ কৰি ৰাজ পথ কঁপোৱা আমাৰ জাতীয় সংগঠন সমূহো এই ক্ষেত্ৰত নীৰৱ হৈ থকা দেখা গৈছে৷ প্ৰতিগৰাকী লোক, প্ৰতিটো দল-সংগঠনে হাতে হাতে হাত ধৰি আগবাঢ়ি নাহিলে এই মহা ব্যাধিক সমাজৰ পৰা দূৰ কৰিব পৰা নাযাব৷ এই কথা সকলোৱে অনুধাৱন কৰা উচিত৷