Home ৰাজ্যগাহৰিৰ মাংস নাখাব, মন্ত্ৰী প্ৰমীলাৰ পৰামৰ্শ

গাহৰিৰ মাংস নাখাব, মন্ত্ৰী প্ৰমীলাৰ পৰামৰ্শ

by News Desk
67 views
A+A-
Reset

বঙাইগাঁওঃ নামনি অসমৰ শৈক্ষিক ফলাফল বেয়া৷ কিন্তু কিয় বেয়া? ইয়াৰ মূল কাৰণ বিচাৰি উলিয়াইছে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই৷ মন্ত্ৰী ব্ৰহ্মৰ মতে খোৱা খাদ্যই হৈছে কাল৷ কাৰণ নামনি অসমৰ বিশেষকৈ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰৰ ৰাজবংশী আৰু বড়ো মানুহখিনিয়ে গাহৰিৰ মাংস বেছিকৈ খায়৷ ইয়াৰ বাবে ধৈৰ্যও কম৷ আজি বঙাইগাঁৱত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এইদৰে ব্যক্ত কৰে মনৰ কথা৷

মন্ত্ৰী ব্ৰহ্মই কয়, “মেট্ৰিকত নামনি অসমৰ ৰিজাল্ট বেয়া৷ কিন্তু বৰপেটা জিলাৰ ভাল হয়৷ মই তাকেই ভাবিছো বৰপেটাৰ মানুহে খায় কি? পিছত জানিলো বিশেষ একো নাখায়৷ কিন্তু আমাৰ বঙাইগাঁও, কোকৰাঝাৰৰ ৰাজবংশী, বড়ো মানুহখিনিয়ে গাহৰিৰ মাংসটো বেছি খায়৷ সেইকাৰণে ধৈৰ্যও নাই৷ ৰিজাল্টো ভাল নহয়৷’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0