ডিজিটেল ডেস্কঃ অযোধ্যা বিবাদ মাথো এটি ভূমিৰ বিবাদ৷ এই বিবাদক ভূমিৰ বিবাদৰ দৰে মীমাংসা কৰা যাব৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অযোধ্যা গোচৰ সন্দৰ্ভত এই কথা কয় বৃহস্পতিবাৰে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই দুই সপ্তাহৰ ভিতৰত সকলো পক্ষকে নিজৰ নিজৰ মতামত দাখিল কৰাৰ নিৰ্দেশ দিয়ে৷
তাৰ লগে লগে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই এবাৰ শুনানি আৰম্ভ কৰিলে গোচৰ সমাপ্ত কৰিম বুলি কয়৷ ৭ মাৰ্চৰ ভিতৰত সকলো তথ্যপাতি দাখিল কৰাৰ লগতে ১৪ মাৰ্চত পুনৰ শুনানি অনুষ্ঠিত হ’ব৷ আনহাতে গোচৰৰ শুনানি চলি থকাৰ সময়তে শ্ৰীৰাম দাস মিছন ইউনিভাৰ্ছেল চোছাইটিয়ে ১৩ ফেব্ৰুৱাৰীত শিৱৰাত্ৰি দিৱসৰ দিনটোত ৰামৰাজ ৰথ যাত্ৰা উলিয়াব অযোধ্যাৰ পৰা ৰামেশ্বৰমলৈ৷