ডিজিটেল ডেস্কঃ অৱেশষত অবৈধ হৈ পৰিল ১৪০০ বছৰীয়া প্ৰাচীন তিন তালাক! উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপতিৰে গঠিত সাংবিধানিক বিচাৰপীঠে মঙলবাৰে ঘোষণা কৰে যে তিন তালাক সম্পূৰ্ণৰূপে অসাংবিধানিক৷ অহা ৬ মাহৰ ভিতৰত এই সন্দৰ্ভত আইন যুগুত কৰিবলৈকো চৰকাৰক নিৰ্দেশ দিয়ে সৰ্বোচ্চ আদালতে৷

এই ৬ মাহৰ ভিতৰত বিবাহ বিচ্ছেদৰ বাবে তিন তালাক প্ৰক্ৰিয়াৰ আশ্ৰয় ল’ব নোৱাৰিব বুলিও শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে৷ এই সময়ছোৱাত যদি কোনো লোকে তিন তালাক দিয়ে আৰু সংশ্লিষ্ট স্ত্ৰীগৰাকীয়ে যদি আদালতৰ দ্বাৰস্থ হয় তেন্তে বিবাহ বিচ্ছেদ গ্ৰাহ্য নহ’ব বুলি বিচাৰপীঠে জানিবলৈ দিছে৷

সৰ্বোচ্চ ন্যায়ালয়ৰ ৫ বিচাৰপতিৰ সাংবিধানিক বিচাৰপীঠৰ ৩জনেই তিন তালাকৰ বিপক্ষে ৰায় দিয়ে৷ বিচাৰপতি ৰোহিনটন নৰিমন, উদয় ললিত আৰু বিচাৰপতি জোছেফ কুৰিয়েনে তিন তালাকক অসাংবিধানিক আখ্যা দিয়ে৷

অৱশ্যে বিচাৰপতি জে এছ খেহৰ আৰু আব্দুল নাজিৰে তিন তালাকৰ বৈধতা সংক্ৰান্তীয় পিটিশ্যনত স্থগিতাদেশ দিয়ে৷ বিচাৰপতি খেহৰে অহা ৬ মাহৰ ভিতৰত মুছলিম সম্প্ৰদায়ৰ বিয়া আৰু বিবাহ বিচ্ছেদ সন্দৰ্ভত চৰকাৰক আইন প্ৰস্তুতৰ নিৰ্দেশ দিয়ে৷ আইন প্ৰস্তুতৰ বাবে ৬ মাহতকৈ অধিক সময় লাগিলে তিন তালাকৰ ওপৰত তেতিয়ালৈকে স্থগিতাদেশ বাহাল থাকিব বুলি জানিবলৈ দিছে৷

উল্লেখ্য যে শুনানি চলি থকা সময়তে চলিত বছৰতে আদালতক চৰকাৰে জনাইছিল যে আদালতে তিন তালাকক অবৈধ ঘোষণা কৰিলে চৰকাৰে মুছলমানসকলৰ বাবে বিয়া আৰু বিবাহ বিচ্ছেদৰ নতুন আইন যুগুত কৰিব৷

আজি ৰায়দানৰ সময়ত বিচাৰকসকলে তিন তালাকক অবৈধ ঘোষণা কৰা ইছলামিক ৰাষ্ট্ৰসমূহৰ প্ৰসংগ উল্লেখ কৰে৷ তিন তালাকৰ জৰিয়তে মহিলাৰ মৌলিক অধিকাৰ খণ্ডন কৰা হয় বুলিও মন্তব্য কৰে এগৰাকী বিচাৰপতিয়ে৷