ডিজিটেল ৰিপ’ৰ্টঃ বহু বছৰজোৰা আইনী যুঁজ-বাগৰৰ অন্তত ন্যায় লাভ কৰিলে সাংবাদিকসকলে৷ ন্যায়াধীশ মাঝিথিয়া দৰমহা ব’ৰ্ডৰ পৰামৰ্শাৱলী আখৰে আখৰে ৰূপায়নৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷
কালি ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন দুজনীয়া বিচাৰপীঠে দৰমহা ব’ৰ্ডখনৰ পৰামৰ্শাৱলী এনেদৰে ৰূপায়ন কৰিবলৈ সংবাদপত্ৰসমূহৰ মালিক গোষ্ঠীক নিৰ্দেশ দিয়ে৷ অল ইণ্ডিয়া ৱ’ৰ্কিং জার্ণেলিষ্ট ফেডাৰেচনৰ আবেদনৰ ভিত্তিত ৰুজু হোৱা এটা গোচৰৰ শুনানী গ্ৰহণৰ অন্তত যোৱা তিনি মে’ত বিচাৰপীঠখনে ৰায়দান সংৰক্ষিত কৰি ৰাখে৷ অৱশেষত কালি গোচৰটোৰ ৰায়দান কৰা হয়৷ এনে এক ৰায়ৰ বাবে ন্যায়াধীশ গগৈলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে দেশৰ সংগ্ৰামী সাংবাদিকসকলে।