Home ৰাজ্যন্যায়ালয়ত মুখ থেকেচা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ, এনআৰচিৰ প্ৰকাশৰ বাবে সময় বৃদ্ধি কৰা নহ’ব

ন্যায়ালয়ত মুখ থেকেচা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ, এনআৰচিৰ প্ৰকাশৰ বাবে সময় বৃদ্ধি কৰা নহ’ব

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়লয়ক আবেদন জনাই যদিও মঙলবাৰে চৰকাৰৰ এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে৷ আনহাতে চৰকাৰ তথা সকলো পক্ষৰ জল্পনা-কল্পনাৰ অৱসান ঘটাই পূৰ্বনিৰ্ধাৰিত সময়তে এনআৰচিৰ দ্বিতায় খচৰা প্ৰকাশৰ দিন ধাৰ্য কৰে উচ্চতম ন্যায়ালয়ে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে মঙলবাৰে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাওঁ কৰে৷

এনআৰচিৰ কাম এইগৰাকী মুখ্য সমন্বয়কে কৰিব নোৱাৰিলে নতুন সমন্বয়ক নিয়ুক্তি দি হলেও এনআৰচিৰ কাম কৰিব বুলি কয়৷ পুনৰবাৰ এনআৰচি প্ৰকাশক লৈ সময় বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ত পুনৰ মুখ থেকেচা খালে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে সময় বৃদ্ধিৰ সন্দৰ্ভত স্পষ্ট কৰি পূৰ্বে নিৰ্ধাৰিত সময়তে খচৰা প্ৰকাশ পাব লাগিব বুলি স্পষ্ট কৰে দেশৰ শীৰ্ষ আদালতে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0