নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দেশৰ দুই শক্তিশালী ৰাজনৈতিক দলৰ মুখ ক’লা কৰি পেলোৱা পৰিলক্ষিত হৈছে৷ বি জে পি আৰু কংগ্ৰেছৰ মূল নেতাত্ৰয় ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছৰ প্ৰাক্তন আৰু এতিয়াৰ মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পৃথক পৃথক গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয় সন্মত হৈছে৷
২০০২ চনত সংঘটিত কুখ্যাত গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষত তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ ন্যায়ালয়ে নিৰ্দোষী বুলি দিয়া ৰায়ক প্ৰত্যহ্বান জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে৷