ডিজিটেল ডেস্কঃ গো হত্যা তথা কছাইখানা সমূহৰ ওপৰত কেন্দ্ৰই আৰোপ কৰা নিষেধাজ্ঞা ৩ মাহৰ বাবে স্থগিত ৰাখিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷
কেইমাহমানৰ পূৰ্বে কেন্দ্ৰই দেশৰ বিভিন্ন অঞ্চলৰ কছাইখানাসমূহ অবৈধ বুলি ঘোষণা কৰি নিষেধ কৰিছিল৷ চৰকাৰৰ উক্ত সিদ্ধান্তৰ ওপৰত আজি ৩ মাহলৈ নিষেধাজ্ঞা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ শুনানি বাহাল ৰাখি আজি এই ৰায়দান দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰ৷
২৩ মে'ত কেন্দ্ৰীয় চৰকাৰে অবৈধ বুলি ঘোষণা কৰিছিল কছাইখানাসমূহ৷ দেশৰ বিভিন্ন স্থানত এই নিষেধাজ্ঞাৰ বাবে বহুলোকে প্ৰতিবাদতো নামিছিল৷
ইয়াৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই শাখাই এই নিৰ্দেশ ৪ সপ্তাহৰ বাবে স্থগিত কৰিছিল৷ এই স্থগিতাদেশৰ বাবে মাদুৰাইৰ সমাজকৰ্মী তথা অধিবক্তা এছ ছেলভাগোমাতিৰে এক পিটিশ্যন উত্থাপন কৰিছিল৷
আজি মাদ্ৰাজ উচ্চ ন্যায়লয়ৰ স্থগিতাদেশৰ বিৰুদ্ধে দিয়া পিটিশ্যনৰ শুনানিত এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত কেন্দ্ৰই এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ ন্যুনতম ৩ সপ্তাহ ৰ'ব লাগিব বুলি উল্লেখ কৰিছে৷