newsnextone.com | হাইলাকান্দিঃ হাইলাকান্দি জিলাৰ দক্ষিণ হাইলাকান্দি উন্নয়ন খণ্ডৰ অধিনত বিভিন্ন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিভিন্ন গাঁৱত চৰকাৰী আঁচনি ৰূপায়নত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কিছুদন পূৰ্বে হাইলাকান্দি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা দীপক ৰঞ্জন দেৱে চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত জেল হাজোতলৈ যাব লগা হৈছিল৷ হাইলাকান্দি উন্নয়ন খণ্ডৰ জামিৰা পঞ্চায়তৰ সভাপতি আফতাবুদ্দিন বৰভূঞাক ৫৭ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷

তাৰ পিছতে ন’ ন’ তথ্য পোহৰলৈ আহিছে হাইলাকান্দি উন্নয়ন খণ্ডৰ দুৰ্নীতিৰ৷ পুনৰ উন্নয়ন খণ্ডটোৰ আন এজন কনিষ্ঠ অভিযন্তা ৰূপক দেৱৰ বিৰুদ্ধে উত্থাপন হৈছে ধন আত্মাসাৎ কৰাৰ অভিযোগ৷ ২০১৪-১৫ চনত কনিষ্ঠ অভিযন্তা ৰূপক দেৱে এমপিএলএডিএছ আঁচনিৰ ৯৭ লাখ ১০ হাজাৰ টকা কাম নকৰাকৈ মোকলাই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ মেম্বৰ অৱ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভলপমেণ্ট স্কিমৰ তথা সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে৷ 

বৃহস্পতিবাৰে দক্ষিণ হাইলাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অঞ্জন পাল, কিল্লাৰবাক পঞ্চায়তৰ জিআৰএছ বাহাৰুল ইছলাম আৰু খোকন দাসগুপ্তাই ২০১৪-১৫ চনৰ এমপিএলএডিএছৰ অধিনত ৰূপায়ন হোৱা কামৰ চৰজমীন তদন্ত কৰে৷ কিল্লাৰবাক মছজিদৰ পানীৰ পাম্প, পূৰ্বছিট মছজিদৰ পানীৰ পাম্প, জামিৰা পঞ্চায়তৰ কুকিনালা মছজিদৰ পানীৰ পাম্প, মুল্লে উদ্দীনৰ পানী পাম্প, আব্দুল খালককে ধৰি বিভিন্ন আঁচনি ৰূপায়নৰ নামত লাখ লাখ টকা আত্মাসাৎ কৰে৷ বহু আঁচনি নিৰ্মাণ নকৰাকৈয়ে ধন মোকলাই দিয়া হৈছিল৷ এনেদৰে ধন আত্মাসাৎ কৰাৰ ঘটনা পোহৰলৈ আহিব ধৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷