ডিজিটেল ডেস্কঃ পাঞ্জাৱ নেচনেল বেংক কেলেংকাৰীত অভিযুক্ত নীৰৱ মোডীৰ মোমায়েক মেহুল চৌকশীয়ে কৰ্মচাৰীসকলক পত্ৰৰ জৰিয়তে নতুন চাকৰি বিচাৰি লোৱাৰ কথা জনাইছে৷ উদ্যোগপতি তথা গীতাঞ্জলী গ্ৰুপৰ মালিক মেহুল চৌকশীয়ে ব্যক্তিগত উকিল সঞ্জয় অবটৰ দ্বাৰা লিখিত কৰ্মচাৰীসকলৰ নামাংকৃত পত্ৰখন প্ৰচাৰ কৰে৷
সেই পত্ৰৰ জৰিয়তে চৌকশীয়ে কৈছে যে, বৰ্তমান সময়ত কৰ্মচাৰীসকলক পাৰিতোষিক দিবৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ অনুসন্ধানকাৰী সংস্থাই চৌকশীৰ বেংক একাউণ্টৰ ওপৰত লগোৱা আৰোপৰ পাছতেই কৰ্মচাৰীসকলক দৰমহা দিয়াত সমস্যা আহি পৰিছে বুলি পত্ৰৰ জৰিয়তে জানিবলৈ দিয়ে৷ বৰ্তমান পৰিস্থিতি আঁতৰ হ’লেই কৰ্মচাৰীসকলৰ প্ৰাপ্য ধনসমূহো আদায় দিয়াৰ কথা মেহুল চৌকশীয়ে জনাই৷