57
মোৰাঝাৰঃ হোজাই জিলাৰ অন্তৰ্গত এ আই ইউ ডি এফৰ দখলত থকা যমুনামুখ সমষ্টিৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বৰবালি আঞ্চলিক পঞ্চায়তত বিয়াগোম অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি চৰকাৰী কে’বাখনো আঁচনিৰ সমুদায় ধন একাংশ ক্ষমতাশালীয়ে আত্মসাৎ কৰিছে। চৰকাৰী নিৰ্দেশনা উলাই কৰি নিজৰ খেয়াল-খুচি মতে কাম কৰি লুণ্ঠনৰাজ চলোৱাৰ উপৰি জলসিঞ্চনৰ আঁচনিৰ বৃক্ষৰোপণৰ ক্ষেত্ৰতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।