newsnextone.com | নগাঁওঃ মন্ত্ৰী-বিধায়কে আঁচনিৰ আধাৰশিলা স্থাপন কৰি, উদ্ধোধন কৰি বাঃ বাঃ লবলৈ চেষ্টা কৰে। ৰাইজক প্ৰতিশ্ৰুতি মতে কাম কৰা বুলি কয়। কিন্তু আধালশিলা স্থাপন কৰা তথা উদ্ধোধন কৰা আঁচনিৰ পৰিৱৰ্তী অৱস্থাত কেনে ৰূপ লয় তাৰ দ্বাৰা ৰাইজৰ কল্যাণ হৈছে নে নাই তাৰ খবৰ লবলৈ আহৰি নাথাকে মন্ত্ৰী-বিধায়কৰ। 

শেহতীয়াকৈ তেনেই এক পৰিস্থিতিয়ে বিৰাজ কৰিছে বটদ্ৰৱা বিধান সভা সমষ্টিত। যোৱা দুটা বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ চেষ্টা কৰা হৈছে যদিও সেয়া কিমান সফল হৈছে সেয়া চিন্তাৰ বিষয় হৈ পৰিছে। 

বটদ্ৰৱা উন্নয়ন খণ্ডৰ একাংশ বিষয়া-অভিযন্তাই বিগত বৰ্ষত পৰিকল্পনা বিহীনভাৱে বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিদ্যালয়ৰ চৌহদ ওখ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিল। একমাত্ৰ ধন ঘটাৰ মানসিকতাৰে মাটি পেলোৱা আচঁনি ৰূপায়ন কৰাৰ ফলত বৰ্তমান দুৰ্ভোগ ভুগিছে প্ৰতিষ্ঠানসমূহৰ লগতে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীয়ে ৷ 

মঙলবাৰৰ নিশাৰে পৰা বৰষুণ দি থকাৰ ফলত বটদ্ৰৱা এলেকাৰ বিভিন্ন শিক্ষানুষ্ঠান চৌহদত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ফলত পাঠদান কাৰ্য সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে পৰিকল্পনাহীন ভাৱে ৰূপায়ন কৰা আচঁনি ৷ অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ তথা শিক্ষানুষ্ঠানৰ লগতে গুৰুজনাৰ জন্মস্থানৰ ঐতিহাসিক বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ো বানৰ কৱলত পৰিছে ৷ 

বিগত বৰ্ষত বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনেই জমা হোৱা পানী নিস্কাষণৰ কোনো ধৰণৰ বিজ্ঞানসন্মত নলাৰ ব্যৱস্থা নকৰাকৈ এম জি এনৰেগা আচঁনিৰ অধিনত ১৮ লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয় চৌহদ মাটি পেলাই ওখ কৰি দিয়াৰ পিছত বৰ্তমান এজাক বৰষুণ হলেই সমগ্ৰ চৌহদত পানী জমা হৈ ব্যাহত হয় পাঠদান কাৰ্য ৷ 

নিশাৰ পৰা অহা বৰষুণজাকে বৰ্তমান বিদ্যালয়খনৰ সমগ্ৰ চৌহদটো পানীৰে ভৰাই পেলোৱাত পানীৰ মাজেৰেই শ্ৰেণী কোঠালৈ আহ-যাহ কৰিবলগা হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকলে ৷ একমাত্ৰ ধন ঘটাৰ মানসিকতাৰে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ একাংশ শাসকীয় নেতা-পালিনেতাৰ সহযোগত চৰকাৰী বিষয়া অভিযন্তাই এনেদৰে আচঁনি ৰূপায়ন কৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক হাৰাশাস্তি কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে পানী নিস্কাষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰী সমাজে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায় ৷