নামতিঃ সমগ্ৰ ৰাজ্যজুৰি ধৰ্ষণকাণ্ডক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য অব্যাহত থকাৰ সময়তে মঙলবাৰে পুনৰ শিৱসাগৰ জিলাৰ এগৰাকী স্কুলৰ চকিদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷ জিলা খনৰ নামতিৰ এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ চকিদাৰৰ যৌন নিৰ্যাতনৰ ভয়ত একাংশ ছাত্ৰীয়ে বিদ্যালয় এৰিছে বুলিও অভিযোগ উত্থাপন হয়।
জানিব পৰা মতে, আমগুৰি শিক্ষাখণ্ডৰ অধিনৰ নামতিপুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰুমিদ আলীয়ে বিভিন্ন সময়ত বিদ্যালয়খনৰ একাংশ ছাত্ৰীক অশালীন মন্তব্য কৰি অহাৰ লগতে ৬ গৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক স্কুলতে দীৰ্ঘদিন পৰা যৌন নিৰ্যাতন চলাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হয়।